.

Department of Assamese

About

The Assamese Department was established in the year 1994 and affiliated under Dibrugarh University in 2001. Assamese Department offers BA program with honours in regular mode with 60nos of intake capacity. The Department has four faculty members. All the faculty members regularly participated in Orientation Course and Departmental Refresher Course organized by HRDCs to upgrade themselves. Assamese Department organise field study and educational tour every year for students to extend their knowledge apart from regular teaching and evaluation process. Beside the Department yearly celebrate Sankardeva Tithi, Silpi Divas etc. Assamese Department has Departmental Library with more than one hundred books established in 2013 to assist the Departmental students of weaker section.

Course outcome

জ’নাই বালিকা মহাবিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত এখন মহাবিদ্যালয় হিচাপে বিশ্ববিদ্যালয়ৰ নিৰ্ধাৰিত পাঠ্যক্ৰমৰ আধাৰত পাঠদান কৰা হয়৷ স্নাতক পৰ্যায়ৰ অসমীয়া উচ্চমানৰ বিষয়ত মূল বিষয়ৰ ১৪ খন, মূল বিষয়ৰ লগত জড়িত নিৰ্বাচনমূলক ৪ খন আৰু সকলো উচ্চমানৰ ছাত্ৰীৰ বাবে যোগ্যতা বৰ্ধকাৰী বাধ্যতামূলক ১ খন পাঠ্যক্ৰম পাঠদান কৰা হয়৷ এই পাঠ্যক্ৰমবোৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী; ভাষাবিজ্ঞানৰ পৰিচয়; সাহিত্য তত্ত্ব; সাহিত্য সমালোচনা; অসমীয়া কবিতাৰ চানেকি; অসমৰ সংস্কৃতি অধ্যয়ন; তুলনামূলক সাহিত্যৰ পদ্ধতি আৰু প্ৰয়োগ; ভাৰতীয় আৰ্যভাষা আৰু অসমীয়া ভাষা; অসমীয়া গদ্যৰ চানেকি; অসমীয়া নাটক; অসমীয়া ভাষাৰ ভাষাবৈজ্ঞানিক অধ্যয়ন; অসমীয়া ভাষা আৰু লিপি; অসমীয়া ব্যাকৰণ, অভিধান আৰু জতুৱা প্ৰয়োগ; ভাৰতীয় সাহিত্যৰ পৰিচয়; বিশ্বসাহিত্যৰ পৰিচয়; বিশেষ লেখক (ভূপেন হাজৰিকা, ভৱেন্দ্ৰনাথ শইকীয়া, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, মামণি ৰয়ছম গোস্বামী, নিৰুপমা বৰগোহাঞি); যোগাযোগমূলক অসমীয়া আদি বিভিন্ন বিষয় সন্নিৱিষ্ট হৈছে৷
এই বিষয়বোৰ অধ্যয়ন কৰি ছাত্ৰীসকলে
* অসমীয়া সাহিত্যৰ সমগ্ৰ পৰিক্ৰমাৰ সাধাৰণ পৰিচয়পাব পাৰিব আৰু লোকসাহিত্যৰ পৰা আৰম্ভ কৰি সাম্প্ৰতিক কাললৈকে অসমীয়া সাহিত্যৰ গতি- প্ৰকৃতি জানিব পাৰিব৷
* প্ৰাচ্য আৰু পাশ্চাত্যৰ ভাষা সম্পৰ্কীয় চিন্তা-চৰ্চাৰ ইতিহাস জনাৰ লগতে ভাষা আৰু ভাষাবিজ্ঞান সম্পৰ্কীয় বিভিন্ন দিশ সমূহৰ পৰিচয় পাব পাৰিব৷
* ভাৰতীয় আৰু পাশ্চাত্য সাহিত্য তত্ত্বৰ তাত্ত্বিক জ্ঞান পাব পাৰিব৷
* বিভিন্ন প্ৰকাৰৰ সাহিত্য সমালোচনাৰ পৰিচয় আৰু পদ্ধতি তথা বিভিন্ন প্ৰকাৰৰ সাহিত্যৰ স্বৰূপ সম্পৰ্কীয় ধাৰণা পাব পাৰিব৷
* অসমীয়া কবিতাৰ গতি-বিধি আৰু স্বৰূপ জানিব পাৰিব৷
* সংস্কৃতিৰ সাধাৰণ ধাৰণাৰ লগতে অসমৰ নৃগোষ্ঠী আৰু সংস্কৃতি সম্পৰ্কে জানিব পাৰিব৷
* তুলনামূলক সাহিত্যৰ সাধাৰণ ধাৰণাৰ লগতে ভাৰতীয় সাহিত্য তথা অসমীয়া সাহিত্যৰ পেক্ষাপটত তুলনামূলক সাহিত্য অধ্যয়নৰ প্ৰাসংগিকতা আৰু প্ৰণালীৰ আভাস পাব৷
* ভাৰতীয় আৰ্যভাষাৰ ক্ৰমবিকাশৰ ৰূপৰেখাৰ লগতে সংস্কৃত- পালি- প্ৰাকৃত ভাষাৰ স্বৰূপ জানিব পাৰিব আৰু অসমীয়া ভাষাৰ উদ্ভৱ আৰু বিকাশ সম্পৰ্কে জানিব পাৰিব৷
* অসমীয়া গদ্যৰ উদ্ভৱ আৰু বিকাশৰ ধাৰা সম্পৰ্কে জানিব পাৰিব আৰু আধুনিক কালৰ অসমীয়া সৃষ্টিশীল গদ্যসাহিত্যৰ বিভিন্নতা আৰু বিচত্ৰতাৰ বিষয়ে জানিব পাৰিব৷
* অসমীয়া নাটকৰ চমু ইতিহাস আৰু গতি-বিধি জানিব পাৰিব৷
* ধ্বনিবিজ্ঞানৰ তাত্ত্বিক জ্ঞান আৰু ধ্বনি পৰিৱৰ্তনৰ নিয়মৰ লগতে অসমীয়া ভাষাৰ সামগ্ৰিক স্বৰূপৰ বিষয়ে জানিব পাৰিব৷
* অসমীয়া ভাষাৰ শুদ্ধ উচ্চাৰণ, শুদ্ধ আখৰ জোঁটনি, জতুৱাঠাঁচ আৰু খণ্ডবাক্যৰ প্ৰয়োগৰ লগতে পৰিভাষা প্ৰয়োগ, অসমীয়া ব্যাকৰণৰ বিবিধ দিশ আৰু অসমীয়া অভিধানৰ সাধাৰণ পৰিচয় পাব পাৰিব৷
* ভিন্ন ভিন্ন ভাষাৰ ভাৰতীয় সাহিত্যৰ পৰিচয় পাব পাৰিব৷
* বিশ্বসাহিত্যৰ ধাৰণাৰ লগতে বিশ্বৰ প্ৰেক্ষাপটত গুৰুত্ব আৰু খ্যাতি লাভ কৰা সাহিত্যৰ আভাস পাব পাৰিব৷
* ভূপেন হাজৰিকা, ভৱেন্দ্ৰনাথ শইকীয়া, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, মামণি ৰয়ছম গোস্বামী, নিৰুপমা বৰগোহাঞি আদি বিশেষ লেখক সকলৰ যিকোনো এগৰাকীৰ জীৱন আৰু কৃতিৰ বিষয়ে বিস্তৃতভাৱে জানিব পাৰিব৷
* অসমীয়া ভাষাৰ যোগাযোগৰ দক্ষতা আহৰণ কৰিব পাৰিব৷

এই বিভিন্ন বিষয়ৰ জ্ঞান আৰু দক্ষতা লাভ কৰি উত্তীৰ্ণ হোৱাৰ পাচত অসমীয়া ভাষা-সাহিত্যৰ লগতে আধুনিক ভাৰতীয় ভাষা বিভাগ, লোক সংস্কৃতি অধ্যয়ন বিভাগ, সংস্কৃতি অধ্যয়ন বিভাগ আদি বিভিন্ন বিভাগত স্নাতকোত্তৰ শিক্ষা লাভ কৰাৰ সুযোগ পাব পাৰিব আৰু শিক্ষকতাৰ লগতে সাংবাদিকতা আৰু আনুষংগিক অন্যান্য ক্ষেত্ৰত নিয়োগৰ সুযোগ পাব৷

More About Assamese


Mr. Raju Regon

MA
Phone No.: 7002939095 / 8404058047
email: rajureganjgc@gmail.com

Mr. Raju Regon

HoD

MA
Phone No.: 7002939095 / 8404058047
email: rajureganjgc@gmail.com

Mr. Dibyajyoti Kumbang

Assistant Professor

MA (NET)
Phone No.: 6001808346
email: kumbangdibyajyoti@gmail.com

Mrs. Juri Doley

Assistant Professor

MA
Phone No.: 9678871017
email:

Mr. Hemanta Medak

Assistant Professor

MA
Phone No.: 9678205834
email: hemantamedak@gmail.com

Our Faculty

Mr. Raju Regon
HoD

Mr. Dibyajyoti Kumbang
Assistant Professor

Mrs. Juri Doley
Assistant Professor

Mr. Hemanta Medak
Assistant Professor

Events

No Record Found